মুখ্য পৃষ্ঠা
13/09/25
18:33
• ফাগুনৰ ধূলিময় বাট •
ফাগুনৰ ধূলিময় বাট
শুকান পাতৰ কৰ্কশ মাত
খিৰিকীৰ সিপাৰে বতাহ
মলয়া লগা নাই গাত |
দুপৰ নিশা গাভৰু জোন
নৈৰ বুকুত যেন কেঁচা সোণ
এপাহি দুপাহি মদাৰ ফুল সৰে
শুভ্ৰ বেশেৰে সপোনত আহে
কোন !
পলাশ ফুলিছে , হালিছে জালিছে
ফাগুনী বতাহে গুনগুনাই মাতিছে
শিৰত এদাল সেন্দুৰৰ ৰেখা
বুকুৰ আঁচল বতাহত উৰিছে |
উন্মাদনাত কঁপে দুটি ওঁঠ মোৰ
তেওঁৰ পৰা মোলৈ বহু দূৰ
উন্মাদিনি তেওঁ ফাগুনৰ প্ৰেয়সী
ৰুণজুণ বাজে খোজত নুপূৰ |
_____ৰাজু কলিতা
19/02/15